District Commissioner, Jorhat
@dcjorhat
Official X (formerly Twitter) account of the O/o District Commissioner and District Magistrate, Jorhat
ID: 1837399070429884416
https://jorhat.assam.gov.in/ 21-09-2024 07:51:25
34 Tweet
10 Followers
97 Following
যোৰহাট জিলাৰ জিলা আয়ুক্ত জয় শিৱানী মহোদয়ে আজি চিনামৰাত নিৰ্মাণত হৈ থকা উৰণ সেতুৰ নিৰ্মাণ কাৰ্যৰ বিভিন্ন দিশৰ বুজ লয়। উক্ত নিৰ্মাণস্থলী পৰিদৰ্শন কৰি জিলা আয়ুক্ত গৰাকীয়ে কামৰ গুণগত মান আৰু অগ্ৰগতিৰ পৰ্যালোচনা কৰে। DIPR Assam DIPRO JORHAT
আজি যোৰহাট নিৰ্বাচনী জিলাৰ জিলা আয়ুক্ত জয় শিৱানী মহোদয়ে জিলা আয়ুক্ত কাৰ্যালয় চৌহদত থকা প’ষ্টেল বেলট ষ্ট্ৰং ৰুম পৰিদৰ্শন কৰে। গুৱাহাটীৰ কেন্দ্ৰীয় বিনিময় কেন্দ্ৰৰ পৰা অনা প’ষ্টেল বেলট যোগে দিয়া ভোটপত্ৰসমূহ নিৰাপদভাৱে ৱেৰহাউচত মজুতকৰণ কৰা কাৰ্য তেওঁ নিৰীক্ষণ কৰে। Election Commission of India
যোৰহাট নিৰ্বাচনী জিলাৰ SVEEP কোষৰ উদ্যোগত আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ কিছু সুন্দৰ আলোকচিত্ৰ । ২০২৬ বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি জনসাধাৰণৰ মাজত ভোটদানৰ সজাগতা সৃষ্টি কৰা, বিশেষকৈ ন-ভোটাৰসকলক উৎসাহিত কৰাই আছিল এই অনুষ্ঠানৰ মূল লক্ষ্য। Election Commission of India ceoassam
যোৰহাট নিৰ্বাচনী জিলাৰ SVEEP কোষৰ উদ্যোগত আয়োজন কৰা ডিজিটেল পোষ্টাৰ নিৰ্মাণ প্ৰতিযোগিতাৰ কিছু সফল মুহূৰ্ত আৰু সৃষ্টিশীল নিদৰ্শন। Election Commission of India ceoassam DIPR Assam DIPRO JORHAT #eci #SVEEP #jorhat #election2026 #Assam #punch
আজি জিলা আয়ুক্ত জয় শিৱানী মহোদয়ে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয় নিয়মীয়া পৰিদৰ্শন কৰি যোৰহাট, মৰিয়নি আৰু তিতাবৰ সমষ্টিৰ নিৰ্বাচনী ষ্ট্ৰং ৰুমসমূহৰ তদাৰক কৰে। তেওঁ নিৰাপত্তাৰ লগতে সকলো কাৰিকৰী ব্যৱস্থাৰ বুজ লয়। Election Commission of India ceoassam DIPR Assam
আজি যোৰহাট জিলাৰ জিলা আয়ুক্ত জয় শিৱানী মহোদয়ে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালিকা বিদ্যালয় নিয়মীয়া পৰিদৰ্শন কৰি টীয়ক সমষ্টিৰ নিৰ্বাচনী ষ্ট্ৰং ৰুমৰ তদাৰক কৰে। তেওঁ নিৰাপত্তাৰ লগতে সকলো কাৰিকৰী ব্যৱস্থাৰ বুজ লয়। Election Commission of India ceoassam DIPR Assam DIPRO JORHAT
যোৰহাট জিলাখনত সম্ভাব্য বানপানীৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি আজি যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত অতিৰিক্ত জিলা আয়ুক্তৰ পৌৰহিত্যত এখন বানপানী প্ৰতিৰোধৰ গুৰুত্বপূৰ্ণ প্ৰস্তুতিমূলক সভা অনুষ্ঠিত হয়। DIPR Assam District Commissioner, Jorhat DIPRO JORHAT
গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱত যোৰহাটবাসীয়ে দেখুওৱা অভূতপূৰ্ব সঁহাৰিৰ বাবে যোৰহাট জিলা প্ৰশাসন তথা জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰা হৈছে। Election Commission of India ceoassam DIPR Assam DIPRO JORHAT #Jorhat #SVEEP #ECI #election2026 #Assam
যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালিকা বিদ্যালয়ত স্থাপিত যোৰহাট নিৰ্বাচনী জিলাৰ অন্তৰ্গত টীয়ক বিধানসভা সমষ্টিৰ নিৰ্বাচনী ষ্ট্ৰং ৰুমটো আজি জিলা আয়ুক্ত জয় শিৱানী মহোদয়ে নিয়মীয়া পৰিদৰ্শন কৰে। Election Commission of India ceoassam DIPR Assam DIPRO JORHAT
যোৰহাট নিৰ্বাচনী জিলাৰ অন্তৰ্গত যোৰহাট, মৰিয়নি আৰু তিতাবৰ সমষ্টিৰ বাবে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয় স্থাপিত নিৰ্বাচনী ষ্ট্ৰং ৰুমসমূহ আজি জিলা আয়ুক্ত জয় শিৱানী মহোদয়ে নিয়মীয়া পৰিদৰ্শন কৰি তদাৰক কৰে। Election Commission of India ceoassam DIPR Assam
যোৰহাট জিলাৰ জিলা আয়ুক্ত জয় শিৱানী মহোদয়ে আজি লাচিত মৈদামৰ এক নিয়মীয়া পৰিদৰ্শন কাৰ্যসূচী ৰূপায়ণ কৰে। তেখেতৰ এই পৰিদৰ্শনৰ মূল উদ্দেশ্য আছিল প্ৰকল্পটিৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ কাম-কাজসমূহৰ তদাৰক কৰা। DIPR Assam DIPRO JORHAT
যোৰহাট জিলাৰ জিলা আয়ুক্ত জয় শিৱানী মহোদয়ে আজি স্বৰাজ উদ্যান পৰিদৰ্শন কৰি এক বিশেষ পৰিদৰ্শন কাৰ্যসূচী ৰূপায়ণ কৰে। এই পৰিদৰ্শনৰ মূল উদ্দেশ্য আছিল প্ৰকল্পটিৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ কাম-কাজসমূহৰ তদাৰক কৰা। DIPR Assam DIPRO JORHAT
যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত আজি অতিৰিক্ত আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (DDMA) মুখ্য কাৰ্যবাহী বিষয়াৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। DIPR Assam DIPRO JORHAT
যোৰহাট জিলাৰ পথসমূহৰ মেৰামতি আৰু উন্নয়নৰ লক্ষ্যৰে আজি যোৰহাট জিলাৰ জিলা আয়ুক্ত জয় শিৱানী মহোদয়ে লোকনিৰ্মাণ বিভাগৰ (পথ) বিষয়া-কৰ্মচাৰীসকলৰ সৈতে যোৰহাট পৌৰসভা এলেকাৰ লগতে লোকনিৰ্মাণ বিভাগৰ অধীনস্থ বিভিন্ন স্থানৰ পথসমূহৰ এক বিশেষ ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰে। DIPR Assam
যোৰহাট জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (DDMA) আৰু যোৰহাট পৌৰসভাৰ (JMB) উদ্যোগত যোৰহাট চহৰৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ অৰ্থে নলা নৰ্দমা সমূহত জমা হৈ থকা জাবৰ জোথৰ আদিৰ এক বিশেষ চাফাই অভিযান চলোৱা হৈছে । তাৰেই কিছু দৃশ্যাংশ । DIPR Assam District Commissioner, Jorhat DIPRO JORHAT
লোকনিৰ্মাণ পথ বিভাগৰ দ্বাৰা বিকশিত এক অভিনৱ মোবাইল এপ্লিকেচন ‘Rudra’ (ৰুদ্ৰা) আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যোৰহাট পৌৰসভা এলেকাৰ পথসমূহৰ ওপৰত থকা বিপদসংকুল গাঁতবোৰৰ (potholes) সমস্যা সমাধানৰ বাবে এই এপটো ৰাইজে ব্যৱহাৰ কৰিব পাৰিব। DIPR Assam District Commissioner, Jorhat DIPRO JORHAT