Dr Kamal Krishna Nath (@drkknath) 's Twitter Profile
Dr Kamal Krishna Nath

@drkknath

A conscious Assamese, Indian and world citizen. Doctor. Believe in truthfulness. Trying myself to be the best version and helping others to achieve the same.

ID: 2198125260

linkhttps://www.facebook.com/profile.php?id=100083015664586&mibextid=ZbWKwL calendar_today16-11-2013 17:39:53

2,2K Tweet

748 Followers

285 Following

Diganta Borah (@diganta82288504) 's Twitter Profile Photo

চ্যুকাফাই গঢ়া অসমখন থানবান হৈ পৰিছিল কিন্তু আজি সেইখন অসম জুবিন দায়ে আকৌ গঢ়িলে। আমাক এইখন অসম লাগে। নাই কোনো জাতি, নাই কোনো ধৰ্ম,নাই কোনো ধনী-দুখীয়া। মাথো আমি অসমীয়া। জয় জুবিন দা❤️

চ্যুকাফাই গঢ়া অসমখন থানবান হৈ পৰিছিল কিন্তু আজি সেইখন অসম জুবিন দায়ে আকৌ গঢ়িলে। 
আমাক এইখন অসম লাগে।
নাই কোনো জাতি, নাই কোনো ধৰ্ম,নাই কোনো ধনী-দুখীয়া।
মাথো আমি অসমীয়া।
জয় জুবিন দা❤️
Dr Kamal Krishna Nath (@drkknath) 's Twitter Profile Photo

Truly tearful depiction of unruly rebel king of restless heart: Zubeen Garg (1972-2025) We will always miss you Zubeen da😢 You will always live in deepest of our heart youtu.be/HPzXEB_8Z8M

Dr Kamal Krishna Nath (@drkknath) 's Twitter Profile Photo

বিদায় মহানায়ক.. তুমি অপ্ৰতিৰোধ্য.. তুমি আমাৰ সঞ্জীৱনী সুধা.. তুমি আমাৰ প্ৰাণৰ প্ৰাণ, গানৰো গান.. তুমি চিৰপ্ৰৱাহমান এটি খৰস্ৰোতা নৈ.. তুমি আমাৰ চিৰপ্ৰেৰণা.. অন্তহীন আলাপ.. তোমাৰ সত্তাৰ মৃত্যু নাই.. তুমি অজেয়, তুমি অমৰ... অশ্ৰুসিক্ত নয়নেৰে আজি মাথোঁ এবাৰ কলোঁ বিদায় জুবিন দা...

বিদায় মহানায়ক..
তুমি অপ্ৰতিৰোধ্য..
তুমি আমাৰ সঞ্জীৱনী সুধা..
তুমি আমাৰ প্ৰাণৰ প্ৰাণ, গানৰো গান..
তুমি চিৰপ্ৰৱাহমান এটি খৰস্ৰোতা নৈ..
তুমি আমাৰ চিৰপ্ৰেৰণা..
অন্তহীন আলাপ..
তোমাৰ সত্তাৰ মৃত্যু নাই..
তুমি অজেয়, তুমি অমৰ...
অশ্ৰুসিক্ত নয়নেৰে
আজি মাথোঁ
এবাৰ কলোঁ বিদায় জুবিন দা...
Dr Kamal Krishna Nath (@drkknath) 's Twitter Profile Photo

ৰাতিপুৱা ভাগতেই আহিল দুখৰ খবৰ। বাঁ‌হীৰ সুৰৰ মাজেৰে বহু অনবদ্য শিল্প সৃষ্টি আমাক উপহাৰ দিয়া দীপক শৰ্মা আৰু নাই। বহুদিন ৰোগৰ লগত যুঁ‌জ বাগৰ কৰি তেখেতেও গ'লগৈ। কিদৰে বিদায় দিওঁ হে মহান শিল্পী। তোমাৰ বিদেহ আত্মাই সৰগত স্থান লাভ কৰক তাৰেই সৰল প্ৰাৰ্থনা। ওঁ‌ম শান্তি🙏🙏🙏

ৰাতিপুৱা ভাগতেই আহিল দুখৰ খবৰ। বাঁ‌হীৰ সুৰৰ মাজেৰে বহু অনবদ্য শিল্প সৃষ্টি আমাক উপহাৰ দিয়া দীপক শৰ্মা আৰু নাই। বহুদিন ৰোগৰ লগত যুঁ‌জ বাগৰ কৰি তেখেতেও গ'লগৈ।
কিদৰে বিদায় দিওঁ হে মহান শিল্পী।
তোমাৰ বিদেহ আত্মাই সৰগত স্থান লাভ কৰক তাৰেই সৰল প্ৰাৰ্থনা।
ওঁ‌ম শান্তি🙏🙏🙏
Dr Kamal Krishna Nath (@drkknath) 's Twitter Profile Photo

নাগাৰ নাম শিল্পক সৰ্বসাধাৰণ লোকৰ মাজত জনপ্ৰিয় কৰাত অতুলনীয় বৰঙনি যোগোৱা ৰামচৰণ ভৰালী দেৱ মহাপ্ৰয়াণৰ এই মুহূৰ্তত ভাৱপ্ৰৱণ শ্ৰদ্ধাঞ্জলি আগবঢ়ালোঁ। আপোনাৰ পুণ্য আত্মাই সৰগত স্থান লাভ কৰক 🙏🙏🙏

অসমৰ এটুকুৰা হীৰা, সংগীত সূৰ্য্য জুবিন গাৰ্গক আজি ৫৩ তম জন্মদিনত সশ্ৰদ্ধ স্মৰণ কৰিলোঁ। তুমি অলপ সোনকালেই গ'লা জুবিনদা। অসমবাসী চিৰঋণী হৈ থাকিব তোমাৰ উচৰত। তুমি যতেই থাকা শান্তিত থাকা।

Dr Kamal Krishna Nath (@drkknath) 's Twitter Profile Photo

অবিশ্বাস্য! চিৰ সেউজ উত্তৰ পূৰ্বাঞ্চল প্ৰদূষণৰ ৰাজধানী হব গৈ আছে। গুৱাহাটীৰ সমীপবৰ্তী বৰ্ণীহাটে এতিয়া পৃথিৱীৰ ভিতৰতে প্ৰদূষিত বুলি খ্যাতি (?) অৰ্জিছে। ঔদ্যোগীক উন্নয়ন লাগে কিন্তু কিহৰ বিনিময়ত! সেয়া ডাঙৰ প্ৰশ্ন। অনাহত ২০-৩০ বছৰত ই কেনে গতি লয় ভাৱিবই নোৱাৰি। অথচ সকলো নিমাত!!

Dr Kamal Krishna Nath (@drkknath) 's Twitter Profile Photo

ভোগালীৰ উৰুকাৰ দিনতে অসমবাসীলৈ দুঃখবৰ। শৈশৱত শিহৰিত কৰি তোলা "প্ৰথম মৰমে যদি সহাৰি নাপায়, ভাল পোৱা কিয় জানো মৰহি যায়"ত কণ্ঠ নিগৰোৱা প্ৰাণৰ শিল্পী সমৰ হাজৰিকা আৰু নাই। তেখেতৰ বিদেহ আত্মাই সৰগত স্থান লাভ কৰক। ওঁ‌ম শান্তি🙏🙏🙏

ভোগালীৰ উৰুকাৰ দিনতে অসমবাসীলৈ দুঃখবৰ। শৈশৱত শিহৰিত কৰি তোলা "প্ৰথম মৰমে যদি সহাৰি নাপায়, ভাল পোৱা কিয় জানো মৰহি যায়"ত কণ্ঠ নিগৰোৱা প্ৰাণৰ শিল্পী সমৰ হাজৰিকা আৰু নাই।
 তেখেতৰ বিদেহ আত্মাই সৰগত স্থান লাভ কৰক। ওঁ‌ম শান্তি🙏🙏🙏
Dr Kamal Krishna Nath (@drkknath) 's Twitter Profile Photo

প্ৰান্তিক আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰদীপ বৰুৱা দেহাৱসানত সহি পৰিল অসমীয়া সাহিত্য-সংস্কৃতি জগতৰ এক নক্ষত্ৰ। আলোচনীখনক লেখত লবলগীয়াকৈ গঢ় দিয়াত তেখেতৰ ভূমিকা আছিল অপৰিসীম। তেখেতৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক তাৰেই কামনাৰে প্ৰাৰ্থনা কৰিলোঁ🙏

প্ৰান্তিক আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰদীপ বৰুৱা দেহাৱসানত সহি পৰিল অসমীয়া সাহিত্য-সংস্কৃতি জগতৰ এক নক্ষত্ৰ। আলোচনীখনক লেখত লবলগীয়াকৈ গঢ় দিয়াত তেখেতৰ ভূমিকা আছিল অপৰিসীম।
তেখেতৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক তাৰেই কামনাৰে প্ৰাৰ্থনা কৰিলোঁ🙏
Dr Kamal Krishna Nath (@drkknath) 's Twitter Profile Photo

জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীক আজিৰ দিনটোত সশ্ৰদ্ধ স্মৰণ। তেখেতৰ প্ৰাসংগিকতা আজিও হেৰাই যোৱা নাই। তেখেতৰ জীৱন দৰ্শন আজিও সমগ্ৰ বিশ্বৰ বাবে কৌতূহলৰ বিষয়। সমগ্ৰ জাতিটোক একেটা সময়তে উদ্বুদ্ধ কৰিব পৰা দ্বিতীয়জন ব্যক্তি হয়তো আৰু নোলাব!

লুইত কোঁ‌ৱৰ ৰূদ্ৰ বৰুৱাদেৱৰ পুণ্য তিথিত তেখেতক শ্ৰদ্ধা সহকাৰে সোঁ‌ৱৰিছো। অসমীয়া সংগীতজগতক তেখেতে এক নতুন দিশ প্ৰদান কৰিছিল।

লুইত কোঁ‌ৱৰ ৰূদ্ৰ বৰুৱাদেৱৰ পুণ্য তিথিত তেখেতক শ্ৰদ্ধা সহকাৰে সোঁ‌ৱৰিছো। অসমীয়া সংগীতজগতক তেখেতে এক নতুন দিশ প্ৰদান কৰিছিল।
Dr Kamal Krishna Nath (@drkknath) 's Twitter Profile Photo

মিছিং সকলৰ পৰম্পৰাগত কৃষি ভিত্তিক উৎসৱ আলি আই লৃগাং উপলক্ষে সকলোলৈ শুভকামনা।

Dr Kamal Krishna Nath (@drkknath) 's Twitter Profile Photo

আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণত ইৰাণৰ ছুপ্ৰীম লিডাৰ আলী খামেনেইৰ মৃত্যু। এই মুহূৰ্তৰ ডাঙৰ প্ৰশ্ন অনাগত দিনত কোনে শাসনৰ বাঘজৰী 1.Regime lead by successor of Khamenei? 2. Democracy dictated by America? 3. Alternative? A big speculation

Dr Kamal Krishna Nath (@drkknath) 's Twitter Profile Photo

বহু আশা কৰিছিলোঁ বিৰোধী দল সমূহে একলগ হৈ নিৰ্বাচন খেলিব। আশা পূৰণ নহল গৈ

Dr Kamal Krishna Nath (@drkknath) 's Twitter Profile Photo

প্ৰদ্যুৎ বৰদলৈ গ'ল ভালেই হল। এতিয়া মাৰ্গেৰিটা চিটটো ৰাইজৰ দলক খেলিব অকলে এৰি দিব লাগে।