Jasingpha Gogoi (@jasingpha) 's Twitter Profile
Jasingpha Gogoi

@jasingpha

⚫মোৰ জীৱনৰ উতনুৱা ফাগুন তুমি🍁

ID: 1163431322737508352

calendar_today19-08-2019 12:44:54

828 Tweet

7,7K Followers

1,1K Following

Jasingpha Gogoi (@jasingpha) 's Twitter Profile Photo

তুমিটো নাজানা ভাল পোৱাৰ এখনি অনুভৱৰ পৃষ্ঠাত তোমাৰ নাম খোদিত হৈ আছে। তুমি মোৰ আকাশৰ সেই দূৰৰৈৰ লহিয়াব খোজা বেলিটো! আৰু মই সেই বেলিৰ হেঙুলীয়া আভা। নালাগে দিয়া চোন ! মোৰ কাষলে আহিবলে। দূৰ দিগন্তৰ ৰঙীন সৌন্দয্যতা দূৰৈৰ পৰা হে ভাল লাগে।।

Jasingpha Gogoi (@jasingpha) 's Twitter Profile Photo

তোমাৰ প্ৰেমৰ ৰাগতেই যে মই মগ্ন আকাশত তৰা হৈ থাকিলেও তুমি মোৰ হৃদয়ত আৱদ্ধ। এতিয়া তুমিবিহীনতাত ও প্ৰতিটো পল তুমি তুমি লাগে, অবুজ আৱেগক বুজায় নো কোনে ! তোমাকে ভাৱি, শুকুলা চাদৰখনো ৰঙীন যেন লাগে।

Jasingpha Gogoi (@jasingpha) 's Twitter Profile Photo

আৱেগ আৰু বিবেকৰ যুদ্ধখনত এতিয়া ও আৱেগৰেই জয় হয়। সেইয়ে চাগে আধৰুৱা প্ৰেম ও হৃদয়ৰ একোণত জিলিকি ৰয়।।

Jasingpha Gogoi (@jasingpha) 's Twitter Profile Photo

ৰৈ আছো ৰঙালীৰ প্ৰথম দিনটোলৈ বুলি, তোমালৈ এগালমান মৰম হৃদয়ত ৰাখি। মোৰ ফাগুনি মনৰ বাউলী বতাহজাকে বাৰে বাৰে তোমাৰ বাতৰি আনে সযতনে থোৱা বিহুৱানখনত ঘনাই ঘনাই দুচকু পৰে।।

Jasingpha Gogoi (@jasingpha) 's Twitter Profile Photo

জীৱন যুঁজৰ সাৰথি তুমি, ভাগৰুৱা দেহৰ উশাহ তুমি, নিৰাশাৰ সময়ৰ সাহস তুমি, ভগ্ন সপোন জোৰা লগোৱা পৰী তুমি, ৰোগাক্ৰান্ত শৰীৰৰ ভৈষজ্য তুমি, পৰম পূজনীয় মাতৃ তুমি, সেয়েহে তোমাৰ নাম 'মা' ❤️

Jasingpha Gogoi (@jasingpha) 's Twitter Profile Photo

প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ আজিকালি সাহস নোহোৱা হৈ গৈছে। প্ৰতিটো অনুভৱ ব্যাখ্যা কৰিবলেও শক্তি নাইকিয়া হৈ গৈছে। কেনেদৰে হৃদয়ত একোৰা জুই লৈ মুখত এটি হাঁহি পিন্ধি সুখেৰে থকাৰ ভাও জুৰিব পাৰি তাৰ কিটিপ বিচাৰি ফুৰিছো; কাৰণ দুচকুৱে নোৱাৰে ল'ব গধুৰ হৃদয়ৰ বোজা।

Jasingpha Gogoi (@jasingpha) 's Twitter Profile Photo

সকলো স্মৃতি মধুৰ নহয় সকলো সম্পৰ্ক ও যুগমীয়া নহয়। হৃদয়ে কান্দি উঠে যেতিয়া আপোনবোৰে অভিনয় কৰে, এখন মৰমৰ হাত বিচৰাৰ পৰত হাতখন লুকুৱাই ৰাখে।

Jasingpha Gogoi (@jasingpha) 's Twitter Profile Photo

অনুভৱ ১ চকচকীয়া হাঁহিৰ আঁৰত ও যে দুখ থাকে! জীৱনৰ জঞ্জাল ঘটনাবোৰে কিন্তু সেই দুখৰ তালিকাখনত স্থান পোৱা নাই কাৰণ আকৃতিত ডাঙৰ লক্ষ্যক আক্ৰমণ কৰিবলে সহজ। কিন্তু কিছুমান সৰু সৰু বাক্যই বৰ বেয়াকৈ মনটো ভাঙি থৈ যায়, যিবোৰৰ সন্মুখীন একেবাৰেই অসম্ভৱ। তাৰ উত্তৰ মাত্ৰ এটাই --"হাঁহি"

Jasingpha Gogoi (@jasingpha) 's Twitter Profile Photo

অনুভৱ ২ বৰ খৰকৈ বছৰবোৰ পাৰ হৈছে যেন লাগিছে! সৰুতে বৰ জেদী হোৱা মনটো ও সময়ৰ সৈতে গধুৰ কথা বুজি পোৱা ছোৱালীজনিৰ দৰে হৈছে। এতিয়াও সেই জেদবোৰ সৰু সৰু বস্তুৰ বাবে কৰা অভিমানবোৰ আছে, মাত্ৰ দেখুৱাবলে মানুহ নাই,শুনিবলৈও কাৰোৰ সময় নাই। কেতিয়াবা অনুভৱ হয় অলপ লাহে লাহে ডাঙৰ হোৱা হ'লে!

Jasingpha Gogoi (@jasingpha) 's Twitter Profile Photo

অনুভৱ ৩ তাঁতশালত পৰা সেই শালিকী জনি আহি আঁউল লগাই থৈ যোৱা সূতাবোৰৰ দৰেই হৈছে জীৱনৰ প্ৰতিটো ক্ষণ। আঁউল বৰ জটিল নহয় সেইবোৰ ভাঙিবলৈ কেৱল সময় আৰু ধৈয্যৰ হে প্ৰয়োজন।

Jasingpha Gogoi (@jasingpha) 's Twitter Profile Photo

অনুভৱ ৪ জীৱনৰ দুৱাৰদলীত সপোনবোৰৰ ৰমৰমীয়া বেহা বহিছে। য'ত সৌন্দয্যতাক লক্ষ্য কৰি দামদৰ চলিছে। কিমান যে সপোন, কোনটো ল'ম কোনটো নল'ম যেন লাগিছে। বৰ বেছি দামি সপোন ল'ব নোৱাৰি ন'হলে দাম ভৰোতে ভৰোতে উপভোগ কৰাৰ সময়ে পাৰ হৈ যাব।

Jasingpha Gogoi (@jasingpha) 's Twitter Profile Photo

অসম বিশ্ববিদ‍্যালয়ৰ প্ৰাংগণত ৰঙালী বিহুৰ এখন্তেক ! গামোচা ২০২৫

Jasingpha Gogoi (@jasingpha) 's Twitter Profile Photo

Sad reality of India ! Now govt don’t want the youth to be educated and also don’t want the teachers like khan sir Neetu ma’am who deliver truth through their teaching to the youth. #sscReforms2025 #SSC_System_Sudharo

Jasingpha Gogoi (@jasingpha) 's Twitter Profile Photo

Sambit Patra praised GST reforms in the press conference. He also remembered the inflation during the Congress rule, but what happened in the last 8 years and how GST broke the backs of poor people, He Really forgot about it. #GSTReforms2025

Jasingpha Gogoi (@jasingpha) 's Twitter Profile Photo

ইমান সহজে কেনেকৈ মানি ল’ম ! যি সাগৰত এটি সুৰৰ দৰে বিলীন হ’ব বিচাৰিছিল, সেই সাগৰেই আজি তেওঁক নিজৰ গভীৰতাত সমাহিত কৰিলে। জুবিন গাৰ্গৰ এই বিদায় এটা সাধাৰণ মৃত্যু নহয়; এয়া এক কিংবদন্তিৰ সাগৰৰ সৈতে মিলন। জুবিনদা আপুনি সদায় সাগৰৰ দৰে অমৰ হৈ থাকিব।এয়া শোকত মগ্ন অনুৰাগীৰ প্ৰাৰ্থনা।