অপৰাজিতা সন্দিকৈ💙 (@aparajitah11) 's Twitter Profile
অপৰাজিতা সন্দিকৈ💙

@aparajitah11

#কবিতা #গল্প #অনুকবিতা #অংকন মোৰ প্ৰিয় ❣️🥰

(মোৰ টুইট কপি কৰি নিজৰ নামত প্ৰচাৰ নকৰিব 🙏🏻)

ID: 1575391202765328384

calendar_today29-09-2022 07:45:50

2,2K Tweet

5,5K Followers

21 Following

অপৰাজিতা সন্দিকৈ💙 (@aparajitah11) 's Twitter Profile Photo

প্ৰতিজনৰে প্ৰেমৰ সম্পৰ্কত কোনোবা এজন এনেকুৱা থাকে, যিয়ে লগাতকৈ বেছি যত্ন লয়, প্ৰেম কৰে, সন্মান কৰে, সম্পর্কক বুজিবলৈ চেষ্টা কৰে, কিন্তু শেষত সেইজনৰে হৃদয় ভাঙে, বাৰে বাৰে ভাঙে প্ৰতিবাৰে ভাঙে।। 💔

প্ৰতিজনৰে প্ৰেমৰ সম্পৰ্কত
কোনোবা এজন এনেকুৱা থাকে, 
যিয়ে লগাতকৈ বেছি যত্ন লয়, 
প্ৰেম কৰে, সন্মান কৰে,
সম্পর্কক বুজিবলৈ চেষ্টা কৰে,
কিন্তু শেষত সেইজনৰে
হৃদয় ভাঙে, বাৰে বাৰে ভাঙে
প্ৰতিবাৰে ভাঙে।। 💔
অপৰাজিতা সন্দিকৈ💙 (@aparajitah11) 's Twitter Profile Photo

তোমাৰ মৰমৰ প্ৰতি ব্যাকুল হৈ থকা মোৰ হৃদয়ৰ প্ৰতিটো কোঠা কেৱল তোমাৰে সংগীত জুৰে! তুমি নামৰ সত্তা টোৰ বাবে বুকু উলাহত হম হম কৰে। জীৱনে বহু কিবা কিবি বিচাৰে কিন্তু মনে বিচাৰে জীৱনৰ শেষ উশাহলৈ তোমাৰ, কেৱল তোমাৰে ঠিকনা!! ঐ কলিজা বুলি মাত দিয়া সেই ক্ষণটোৰ কথা ভাবি বহুত লাজো লাগে!🍃❣️

তোমাৰ মৰমৰ প্ৰতি ব্যাকুল হৈ থকা
মোৰ হৃদয়ৰ প্ৰতিটো কোঠা
কেৱল তোমাৰে সংগীত জুৰে!
তুমি নামৰ সত্তা টোৰ বাবে
বুকু উলাহত হম হম কৰে।
জীৱনে বহু কিবা কিবি বিচাৰে
কিন্তু মনে বিচাৰে জীৱনৰ
শেষ উশাহলৈ তোমাৰ,
কেৱল তোমাৰে ঠিকনা!!
ঐ কলিজা বুলি মাত দিয়া সেই 
ক্ষণটোৰ কথা ভাবি বহুত লাজো লাগে!🍃❣️
অপৰাজিতা সন্দিকৈ💙 (@aparajitah11) 's Twitter Profile Photo

মই আছো, মোৰ প্ৰশ্ন আছে, কিন্তু মোৰ সকলো উত্তৰ কেৱল তুমি!! কেতিয়াও পাহৰিব বিচাৰিলেও, পাহৰিব নোৱাৰা, সেই অনুভৱ তুমি!! প্ৰতিটো উশাহ, উত্তপ্ত বতাহৰ পৰিচয় তুমি!! মই শুকান মৰুভূমি, কিন্তু, বৰষুণৰ শীতলতা তুমি!!❣️

মই আছো,
মোৰ প্ৰশ্ন আছে, 
কিন্তু মোৰ সকলো উত্তৰ
কেৱল তুমি!! 
কেতিয়াও পাহৰিব 
বিচাৰিলেও, পাহৰিব 
নোৱাৰা, সেই 
অনুভৱ তুমি!!
প্ৰতিটো উশাহ, উত্তপ্ত বতাহৰ 
পৰিচয় তুমি!! 
মই শুকান মৰুভূমি, 
কিন্তু, বৰষুণৰ
শীতলতা তুমি!!❣️
অপৰাজিতা সন্দিকৈ💙 (@aparajitah11) 's Twitter Profile Photo

তোমাক মই পালো, সেই হেৰাই যোৱা পংক্তি টোৰ দৰেই, যাৰ অবিহনে, বাক্যটো সম্পূৰ্ণ হব, কিন্তু কবিতা নহয়।। তোমাক মই পালো, পাহৰি যোৱা সেই মন্ত্ৰটোৰ দৰেই, যাৰ অবিহনে, যজ্ঞ সম্পূর্ণ হব পাৰে, কিন্তু জীৱন নহয়।।❣️

তোমাক মই পালো,
সেই হেৰাই যোৱা পংক্তি টোৰ দৰেই, 
যাৰ অবিহনে, বাক্যটো সম্পূৰ্ণ হব, 
কিন্তু কবিতা নহয়।। 
তোমাক মই পালো, 
পাহৰি যোৱা সেই মন্ত্ৰটোৰ দৰেই, 
যাৰ অবিহনে, যজ্ঞ সম্পূর্ণ হব পাৰে, 
কিন্তু জীৱন নহয়।।❣️
অপৰাজিতা সন্দিকৈ💙 (@aparajitah11) 's Twitter Profile Photo

হেঁপাহৰ বিহুৱানত, ঢোলৰ চাপৰত, পেঁপাৰ মাতত, নাচনীৰ ক'কাল ভঙা নাচত অসমীয়াৰ হেঁপাহৰ বিহু❣️ আশা কৰো ৰঙালীয়ে ৰঙীন কৰি তোলক আপোনাৰ জীৱন। আপোনালৈ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা।। ❤

হেঁপাহৰ বিহুৱানত, 
ঢোলৰ চাপৰত, 
পেঁপাৰ মাতত, 
নাচনীৰ ক'কাল ভঙা নাচত
অসমীয়াৰ হেঁপাহৰ বিহু❣️
আশা কৰো ৰঙালীয়ে ৰঙীন কৰি তোলক আপোনাৰ জীৱন। আপোনালৈ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা।। ❤
অপৰাজিতা সন্দিকৈ💙 (@aparajitah11) 's Twitter Profile Photo

মনৰ কথা বোৰ লিখিলে শব্দ বোৰে অভিমান কৰে, সচাঁ কথা বোৰ লিখিলে ভালপোৱা বোৰে অভিমান কৰে। তথাপি জনাব বিচাৰো তোমাক মনে বিচাৰে তোমাৰ মৰম, তোমাৰ হাতেৰে খোপাত গুজি লবলৈ এপাহ হালধীয়া ফুল। লিখিব বিচাৰো তোমালৈ মনৰ সচাঁ হেঁপাহ খিনি, পঢ়িবা জানো তুমি, মোৰ জীৱনৰ সিঁচৰিত সাঁচিপাত!!🥀

মনৰ কথা বোৰ লিখিলে
শব্দ বোৰে অভিমান কৰে,
সচাঁ কথা বোৰ লিখিলে
ভালপোৱা বোৰে অভিমান কৰে।
তথাপি জনাব বিচাৰো তোমাক
মনে বিচাৰে তোমাৰ মৰম, 
তোমাৰ হাতেৰে খোপাত
গুজি লবলৈ এপাহ হালধীয়া ফুল। 
লিখিব বিচাৰো তোমালৈ 
মনৰ সচাঁ হেঁপাহ খিনি, 
পঢ়িবা জানো তুমি,
মোৰ জীৱনৰ সিঁচৰিত সাঁচিপাত!!🥀
অপৰাজিতা সন্দিকৈ💙 (@aparajitah11) 's Twitter Profile Photo

তুমি উশাহৰ লগত উশাহ মিলাই, জীৱন অতিবাহিত কৰিম বুলি কথা দিছিলা!! এতিয়া খোজৰ লগত খোজ মিলাবলৈও যেন অদৃশ্য হৈ গ'লা..!!🌿🖤

তুমি উশাহৰ লগত 
উশাহ মিলাই, 
জীৱন অতিবাহিত কৰিম
বুলি কথা দিছিলা!!
এতিয়া খোজৰ লগত
খোজ মিলাবলৈও
যেন অদৃশ্য হৈ গ'লা..!!🌿🖤
অপৰাজিতা সন্দিকৈ💙 (@aparajitah11) 's Twitter Profile Photo

তোমাৰ "নাম" মই এতিয়ালৈকে লিখা কবিতা বোৰৰ ভিতৰত আটাইতকৈ সৰু কবিতাটি। তোমাৰ "নাম" যেন সাৰাংশ হয়, মোৰ সকলো কবিতাৰ, অসুস্থ শৰীৰত ঔষধি গুণৰ দৰে কামত মগ্ন তোমাৰ "নাম"। কেৱল উশাহ নহয়, উশাহৰ উশাহ হয় তোমাৰ "নাম"...।। ❤

তোমাৰ "নাম"
মই এতিয়ালৈকে 
লিখা কবিতা বোৰৰ
ভিতৰত আটাইতকৈ
সৰু কবিতাটি। 
তোমাৰ "নাম"
যেন সাৰাংশ হয়, 
মোৰ সকলো কবিতাৰ, 
অসুস্থ শৰীৰত 
ঔষধি গুণৰ দৰে
কামত মগ্ন
তোমাৰ "নাম"। 
কেৱল উশাহ নহয়, 
উশাহৰ উশাহ হয় 
তোমাৰ "নাম"...।। ❤
অপৰাজিতা সন্দিকৈ💙 (@aparajitah11) 's Twitter Profile Photo

বহুত ঠুনুকা এতিয়া অন্তৰৰ সম্পর্কবোৰ সম্ভালিবলৈ আগ্রহ কাৰোৱে দেখা নাযায়, প্ৰেমত আজিকালি প্ৰতিশ্ৰুতি সকলোৱে দিয়ে, পূৰণ কৰাৰ সাহস কাৰোবাৰ জানো আছে!!🥀

বহুত ঠুনুকা এতিয়া
অন্তৰৰ সম্পর্কবোৰ
সম্ভালিবলৈ আগ্রহ
কাৰোৱে দেখা নাযায়,
প্ৰেমত আজিকালি
প্ৰতিশ্ৰুতি
সকলোৱে দিয়ে, 
পূৰণ কৰাৰ সাহস
কাৰোবাৰ জানো আছে!!🥀
অপৰাজিতা সন্দিকৈ💙 (@aparajitah11) 's Twitter Profile Photo

এই গোলাপটো তেওঁৰ বাবে যি আছে কাৰণে মোৰ সপোন বোৰ ৰঙীণ হৈ পৰে, আশা বোৰে নতুন আশাৰ জন্ম দিয়ে, হেঁপাহ বোৰে গুণ গুনাই, ভৰষাই গজালি মেলে, জীৱনে পাখি মেলে।।❣️

এই গোলাপটো তেওঁৰ বাবে
যি আছে কাৰণে মোৰ 
সপোন বোৰ ৰঙীণ হৈ পৰে, 
আশা বোৰে নতুন 
আশাৰ জন্ম দিয়ে,
হেঁপাহ বোৰে গুণ গুনাই, 
ভৰষাই গজালি মেলে, 
জীৱনে পাখি মেলে।।❣️
অপৰাজিতা সন্দিকৈ💙 (@aparajitah11) 's Twitter Profile Photo

প্ৰেম, প্ৰেমৰ অৰ্থ ৰূপৰ প্ৰতি আকৰ্ষণ নহয়! নহয় সৌন্দর্য্যৰ প্ৰতি গঢ়ি উঠা মোহ! সচাঁ প্ৰেমে সন্মান, আদৰ বিশ্বাস আৰু ভৰষাৰ অৰ্থ বহন কৰে। তোমাক তোমাৰ ৰূপত স্বীকাৰ কৰে, বয়সৰ আচোঁৰত শেষ মুহূর্তলৈ ওঁঠৰ কোমল পৰশ দিয়ে.... আৰু, আৰু তুমিও কৈ যোৱা চোন....!!

প্ৰেম, প্ৰেমৰ অৰ্থ
ৰূপৰ প্ৰতি আকৰ্ষণ নহয়!
নহয় সৌন্দর্য্যৰ প্ৰতি
গঢ়ি উঠা মোহ! 
সচাঁ প্ৰেমে সন্মান, আদৰ
বিশ্বাস আৰু ভৰষাৰ
অৰ্থ বহন কৰে।
তোমাক তোমাৰ ৰূপত
স্বীকাৰ কৰে, 
বয়সৰ আচোঁৰত 
শেষ মুহূর্তলৈ ওঁঠৰ
কোমল পৰশ দিয়ে.... 
আৰু, আৰু তুমিও কৈ যোৱা চোন....!!
অপৰাজিতা সন্দিকৈ💙 (@aparajitah11) 's Twitter Profile Photo

কেতিয়াবা নিসংগতাই হঠাতে আগুৰি ধৰে। পূৰ্ণতাৰ গৌৰৱ কৰিব লওঁতে অন্তৰে বাৰে বাৰে সোঁৱৰাই দিয়ে, কি এৰি আহিলা! বুজি নোপোৱা দুখত মন ভাঙি পৰে, জানো কি এৰিলো?💔

কেতিয়াবা নিসংগতাই
হঠাতে আগুৰি ধৰে।
পূৰ্ণতাৰ গৌৰৱ কৰিব লওঁতে
অন্তৰে বাৰে বাৰে
সোঁৱৰাই দিয়ে,
কি এৰি আহিলা!
বুজি নোপোৱা দুখত
মন ভাঙি পৰে,
জানো কি এৰিলো?💔
অপৰাজিতা সন্দিকৈ💙 (@aparajitah11) 's Twitter Profile Photo

সম্পূর্ণ ৰূপত শান্ত মন কেতিয়াবা চাগে বহুত সংগ্ৰামী আছিল। বিচাৰিছিল জীৱনৰ মাদকতা, বাৰে বাৰে প্ৰতিবাৰে চেষ্টা বোৰো বিফল হৈছিল। হতাশাই নহয়, নোপোৱাৰ বেদনাই হে সাগৰৰ দৰে অশান্ত মনকো শেষত দি যায়, পূর্ণ ৰূপত শান্ত মন।। 💔

সম্পূর্ণ ৰূপত শান্ত মন
কেতিয়াবা চাগে
বহুত সংগ্ৰামী আছিল। 
বিচাৰিছিল জীৱনৰ 
মাদকতা, 
বাৰে বাৰে প্ৰতিবাৰে
চেষ্টা বোৰো বিফল হৈছিল। 
হতাশাই নহয়, 
নোপোৱাৰ
বেদনাই হে সাগৰৰ দৰে 
অশান্ত মনকো শেষত
দি যায়, 
পূর্ণ ৰূপত শান্ত মন।। 💔
অপৰাজিতা সন্দিকৈ💙 (@aparajitah11) 's Twitter Profile Photo

শৰীৰ স্পৰ্শৰে মৰম দিলেই প্ৰেম বুলি নকয় অন্তৰেৰে উপস্থিতি অনুভৱ কৰিব পৰাটো হে সচাঁ প্ৰেম। লগত থাকি একেলগে ফুৰিলেই অকল প্ৰেম নহয়, দুৰত থাকি সন্মান দিব জানিলেও সেয়া সচাঁ প্ৰেম।।❤🌿

শৰীৰ স্পৰ্শৰে মৰম দিলেই
        প্ৰেম বুলি নকয়
অন্তৰেৰে উপস্থিতি অনুভৱ 
  কৰিব পৰাটো হে সচাঁ প্ৰেম।
লগত থাকি একেলগে 
   ফুৰিলেই অকল প্ৰেম নহয়, 
দুৰত থাকি সন্মান দিব 
      জানিলেও সেয়া সচাঁ প্ৰেম।।❤🌿
অপৰাজিতা সন্দিকৈ💙 (@aparajitah11) 's Twitter Profile Photo

কিমান যে কি কৰিব পাৰিলোহেঁতেন, আলমিৰাৰ বিশৃংখল কাপোৰ বোৰ ঠিক কৰিব পাৰিলোহেঁতেন, "অসীমত যাৰ হেৰাল সীমা" উপন্যাস খন আকৌ এবাৰ পঢ়িব পাৰিলোহেঁতেন, একাপ আদা মিহলি চাহ বনাই খাব পাৰিলোহেঁতেন, কিন্তু মই বহি থাকিলো তোমাৰ স্মৃতিৰ সৈতে। এটা দিন আকৌ পাৰ হৈ গ'ল তুমি নজনাকৈ, তোমাৰ সৈতে..!❣️

কিমান যে কি কৰিব 
পাৰিলোহেঁতেন,
আলমিৰাৰ বিশৃংখল
কাপোৰ বোৰ ঠিক
কৰিব পাৰিলোহেঁতেন,
"অসীমত যাৰ হেৰাল সীমা"
উপন্যাস খন আকৌ এবাৰ
পঢ়িব পাৰিলোহেঁতেন,
একাপ আদা মিহলি চাহ
বনাই খাব পাৰিলোহেঁতেন, 
কিন্তু মই বহি থাকিলো
তোমাৰ স্মৃতিৰ সৈতে।
এটা দিন আকৌ পাৰ হৈ গ'ল
তুমি নজনাকৈ, তোমাৰ সৈতে..!❣️
অপৰাজিতা সন্দিকৈ💙 (@aparajitah11) 's Twitter Profile Photo

মই কি হওঁ তোমাৰ কাৰণে সেয়া তোমাৰ মনে জানিব। মোৰ কাৰণে কোলাহলপূৰ্ণ পৃথিৱীৰ নিৰ্জনতা তুমি, ডাৱৰীয়া আকাশৰ বৰষুণৰ প্ৰথম টোপাল তুমি, ভাদৰ মাহৰ পোৱালি জগোৱা সেই মুৰ টোকোলা হোৱা শালিকাটো তুমি হা: হা: হা:....!! 🤭

মই কি হওঁ তোমাৰ কাৰণে
সেয়া তোমাৰ মনে জানিব।
মোৰ কাৰণে কোলাহলপূৰ্ণ 
পৃথিৱীৰ নিৰ্জনতা তুমি, 
ডাৱৰীয়া আকাশৰ বৰষুণৰ
প্ৰথম টোপাল তুমি, 
ভাদৰ মাহৰ পোৱালি জগোৱা
সেই মুৰ টোকোলা হোৱা
শালিকাটো তুমি হা: হা: হা:....!! 🤭
অপৰাজিতা সন্দিকৈ💙 (@aparajitah11) 's Twitter Profile Photo

অভিমান? - আজি আৰু নাই। অভিযোগ? - আছিল এসময়ত। প্ৰেম? - ডায়েৰীত লিখা পুৰণি স্মৃতি। ভালপোৱা? -আছে হয়তো এতিয়াও! বন্ধুত্ব? -থকা উচিত আছিল। কি হেৰুৱালা? -সময় আৰু আশা। আৰু এতিয়া? -অচিনাকি আজি, হয়তো এদিন চিনাকি আছিল.!! 🥺🌿

অভিমান? 
- আজি আৰু নাই। 
অভিযোগ? 
 - আছিল এসময়ত। 
প্ৰেম? 
 - ডায়েৰীত লিখা পুৰণি স্মৃতি।
ভালপোৱা? 
-আছে হয়তো এতিয়াও! 
বন্ধুত্ব?
-থকা উচিত আছিল।
কি হেৰুৱালা? 
-সময় আৰু আশা।
আৰু এতিয়া? 
-অচিনাকি আজি, হয়তো এদিন চিনাকি আছিল.!! 🥺🌿
অপৰাজিতা সন্দিকৈ💙 (@aparajitah11) 's Twitter Profile Photo

একেলগে খোজ কাঢ়িবলৈ পোৱাৰ আনন্দত, আমি কেতিয়াও লক্ষ্য নকৰো যে, যদি কেতিয়াবা উভতি আহিবলগীয়া হয়! তেতিয়া অকলে কেনেকৈ উভতিম! সেয়ে, কাৰোবাৰ হাত এৰি দিয়াৰ আগতে তেওঁক তাত এৰি থৈ আহিব, য'ৰ পৰা তেওঁ আপোনাৰ লগত খোজকাঢ়ি আহিছিল..!!!😊

একেলগে খোজ কাঢ়িবলৈ 
পোৱাৰ আনন্দত,
আমি কেতিয়াও লক্ষ্য নকৰো
যে, যদি কেতিয়াবা উভতি 
আহিবলগীয়া হয়! 
তেতিয়া অকলে কেনেকৈ উভতিম! 
সেয়ে, 
কাৰোবাৰ হাত এৰি দিয়াৰ আগতে
তেওঁক তাত এৰি থৈ আহিব, 
য'ৰ পৰা তেওঁ আপোনাৰ 
লগত খোজকাঢ়ি আহিছিল..!!!😊
অপৰাজিতা সন্দিকৈ💙 (@aparajitah11) 's Twitter Profile Photo

বয়সে সন্ধান কৰিলে সময়ৰ গহ্বৰত, অস্তিত্বৰ উমান। কিছু দুখৰ পালে, কিছু দোমোজাত পালে। কিছুমান ভাঙি গৈছে মাথো কিছু ঠিকে আছে যি ল'ৰালিৰ আছিল..!!❣️

বয়সে সন্ধান কৰিলে 
সময়ৰ গহ্বৰত, 
অস্তিত্বৰ উমান। 
কিছু দুখৰ পালে, 
কিছু দোমোজাত পালে।
কিছুমান ভাঙি গৈছে
মাথো কিছু ঠিকে আছে
যি ল'ৰালিৰ আছিল..!!❣️
𝐌𝖊𝖌𝖍𝖆𝖑𝖎 𝐍𝖆𝖙𝖍 𝐘𝖔𝖌𝖎🚩 (@iam_meghalinath) 's Twitter Profile Photo

🥀 "অসীমত যাৰ হেৰাল সীমা " নামৰ সেই বিখ্যাত উপন্যাস খনৰ চৰিত্ৰ সমুহৰ এটা AI Generated ভিডিও। নামবোৰ মনত আছে নে কমল নগৰ, চম্পা, উমাহঁতৰ। এনেকুৱা এখন উপন্যাস যিখন উপন্যাসৰ চৰিত্ৰ বোৰৰ নাম আজিলৈকে পাহৰা নাই। 🥰🥀 #অসীমত_যাৰ_হেৰাল_সীমা 🍃 #GoodMorningX #সুপ্ৰভাত ☁🌿